December 9, 2025 7:36 PM

views 39

ৰঙিয়াত বানপীড়িত অঞ্চলত বানৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত কামৰূপ জিলাৰ ৰঙিয়াত বানপীড়িত অঞ্চলত বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন অনুষ্ঠিত হয়। ৰঙিয়াৰ শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বাহিনী, অগ্নি নির্বাপক বাহিনী, চিকিৎসা সেৱা কৰ্মী আৰু শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে ৰঙিয়া সমজিলাৰ অন্যান্য ভালেসংখ্যক চৰকাৰী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।