June 24, 2025 12:32 PM

views 51

নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত

■ বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ গৈছে। সম্প্ৰতি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জলসম্পদ বিভাগ, লোকনির্মাণ বিভাগ, পৌৰসভা, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জিলা প্ৰশাসনে নগৰখনত পানী নিষ্কাষণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নলা-নর্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবে সৃষ্টি হোৱা এই কৃত্রিম বান নোহোৱা কৰিবলৈ জিলা প্ৰশাস...