March 16, 2025 2:22 PM

views 74

ওড়িয়া সাহিত্যৰ প্ৰখ্যাত আধুনিক কবি, পদ্মভূষণ ৰমাকান্ত ৰথৰ ভূৱনেশ্বৰত দেহাৱসান

ওড়িয়া সাহিত্যৰ প্ৰখ্যাত আধুনিক কবি, পদ্মভূষণ সন্মানেৰে সন্মানিত ৰমাকান্ত ৰথৰ আজি পুৱা ভূৱনেশ্বৰত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। তেওঁৰ মৃত্যুত উড়িয়া সাহিত্যৰ এটা যুগৰ অৱসান ঘটিল। ১৯৫৭ বৰ্ষৰ এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ৰমাকান্ত ৰথে ওড়িশাৰ মুখ্য সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত সেৱা আগবঢ়াইছিল। তেওঁৰ সাহিত্য কৰ্মৰাজি ইংৰাজীৰ লগতে আন কেইবাটাও ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছে। সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীক...