January 24, 2025 5:47 PM

views 47

চলচ্চিত্র নির্মাতা ৰাম গোপাল বার্মাক চেক বাউন্স হোৱা গোচৰত ৩ মাহৰ সাধাৰণ কাৰাবাসৰ দণ্ড

মুম্বাইৰ আন্ধেৰীৰ দণ্ডাধীশলৰ আদালতে দেশৰ খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা ৰাম গোপাল বার্মাক চেক বাউন্স হোৱা এটা গোচৰত দোষী সাব্যস্ত কৰি তিনি মাহৰ সাধাৰণ কাৰাবাসৰ দণ্ড বিহিছে। হস্তান্তৰযোগ্য লেখা অধিনিয়মৰ ১৩৮ নম্বৰ ধাৰাৰ অধীনত মহেশ চন্দ্ৰ মিশ্ৰ নামৰ ব্যক্তিএগাৰাকীয়ে প্ৰতিনিধিত্ব কৰা শ্ৰী নামৰ এটা প্রতিষ্ঠানে সাত বছৰ পূৰ্বে এই গোচৰটো ৰুজু কৰিছিল। গোচৰটোৰ শুনানি গ্ৰহণ কৰি আন্ধেৰী দণ্ডাধীশৰ আদালতে শ্রী বার্মাক দোষী সাব্যস্ত কৰি তেওঁক কাৰাদণ্ড বিহে। এই কাৰাবাসৰ অতিৰিক্তভাৱে অভিযোগকাৰীক ক্ষতিপূৰণ হি...