August 9, 2025 11:46 AM

views 40

ৰাখীবন্ধন উপলক্ষে জনসাধাৰণলৈ শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

 সমগ্ৰ দেশজুৰি আজি ভাতৃ আৰু ভগ্নীৰ মাজৰ বিশেষ বান্ধোনৰ উৎসৱ ৰাখীবন্ধন উদযাপন কৰা হৈছে। এই দিনটো ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰে। ভাতৃসকলেও তেওঁলোকৰ ভগ্নীৰ সুৰক্ষাৰ পণ লোৱাৰ লগতে উপহাৰ দিয়ে।   ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাখীবন্ধন উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পৱিত্ৰ ৰাখীবন্ধনে ভাতৃ আৰু ভগ্নীসকলৰ মাজত স্নেহ আৰু বিশ্বাসৰ অনন্য বান্ধোনক প্ৰতিফলিত কৰে। তেওঁ কয় যে এই উত্সৱে সমাজৰ বাবে সমন্বয় আ...

August 7, 2025 8:04 PM

views 61

আকাশবাণী গুৱাহাটীৰ বিষয়া-কৰ্মচাৰীসকলক ৰাখী বন্ধন প্রজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভগ্নী আৰু আন বিষয়াববীয়া সকলৰ

প্রজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভগ্নী আৰু আন বিষয়াববীয়া সকলৰ এটা দলে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীসকলক ৰাখী পিন্ধায়। বিশ্ব ভাতৃত্ব আৰু শান্তিৰ বাণী কঢ়িয়াই অনা দলটোৰ এই প্ৰয়াসক আকাশবাণীৰ বিষয়া-কৰ্মচাৰী সকলে আন্তৰিকভাৱে প্ৰশংসা কৰে।

August 19, 2024 8:40 PM

views 72

সমগ্র দেশজুৰি ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন পালন

ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন আজি সমগ্র দেশজুৰি পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃয়ে ভগ্নীৰ সুৰক্ষা আৰু সহযোগিতাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক উপহাৰ প্ৰদান কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ভাতৃ-ভগ্নীৰ পৱিত্ৰ বন্ধনৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত তথা এটা স্বেচ্ছাসেৱী সংস্থাৰ...