August 9, 2025 9:49 PM

views 33

ৰাজ্যজুৰি ভাতৃ-ভগ্নীৰ স্নেহ আৰু বিশ্বাসৰ পৱিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন পালন

ভাতৃ-ভগ্নীৰ মাজৰ স্নেহ আৰু বিশ্বাসৰ পৱিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন আজি দেশজুৰি পালন কৰা হৈছে। এই উপলক্ষে ভগ্নীসকলে পৰম্পৰাগত ৰীতি অনুসৰি ভাতৃৰ হাতত ৰং-বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। বিনিময়ত ভাতৃসকলেও ভগ্নীসকলৰ সুৰক্ষাৰ পণ লোৱাৰ লগতে স্নেহৰ চিনস্বৰূপে উপহাৰ আগবঢ়ায়। ৰাখী বন্ধন উপলক্ষে আজি গোৱালপাৰা জিলাৰ শাস্ত্ৰী নগৰত থকা চি আৰ পি এফৰ ১৫২ নম্বৰ শিবিৰত প্রজাপিতা ব্ৰহ্মকুমাৰী ভগ্নীসকলে জোৱানসকলক ৰাখী পিন্ধায়। একেদৰে বিজেপিৰ গোৱালপাৰা চহৰ মণ্ডলৰ সভানেত্রী অপৰূপা ...

August 18, 2024 8:36 PM

views 36

ৰাখী বন্ধনৰ প্ৰাক মুহূৰ্তত দেশবাসীক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাখী বন্ধনৰ প্ৰাক মুহূৰ্তত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। শুভেচ্ছা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ৰাখী বন্ধন হৈছে ভাই-ভনীসকলৰ মাজত অনন্য বন্ধনৰ এক উৎসৱ, যি প্ৰেম আৰু পাৰস্পৰিক বিশ্বাসক শক্তিশালী কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উৎসৱ ধৰ্মীয় আৰু সাংস্কৃতিক সীমাৰ বাহিৰত দেশৰ বৈচিত্ৰ্যৰ মাজত একতাৰ প্ৰতীক বুলি উল্লেখ কৰে। এই উৎসৱে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ সংকল্পক অধিক শক্তিশালী কৰে বুলিও তেওঁ শুভেচ্ছা বার্তাত প্ৰকাশ কৰে ।