July 7, 2026 12:11 PM

views 19

খনা দাস আৰু লিখন শৰ্মালৈ ২০২৬ বৰ্ষৰ ৰসেশ্বৰ শ‍ইকীয়া বৰবায়ন সত্ৰীয়া বঁটা

বৰগীতৰ বিশিষ্ট শিল্পী খনা দাস আৰু বিশিষ্ট তবলা বাদক লিখন শৰ্মালৈ ২০২৬ বৰ্ষৰ ৰসেশ্বৰ শ‍ইকীয়া বৰবায়ন সত্ৰীয়া বঁটা আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অহা ৮ আৰু ৯ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত চত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, বিধায়ক দীপুৰঞ্জন শৰ্মা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অৰূপজ্যোতি চৌধুৰী আদিকে ধৰি ভালেসংখ্যক গণ্...