June 9, 2025 7:45 PM

views 27

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ, অগপৰ প্রার্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মনোনয়ন পত্র দাখিল

অহা ১৯ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ আৰু অগপৰ প্রার্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মনোনয়ন পত্র দাখিল কৰে। দুয়োগৰাকী প্ৰাৰ্থীয়ে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওচৰত মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শ‍ইকীয়া, অগপৰ সভাপতি অতুল বৰা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। ইপিনে বিৰোধী দল কংগ্ৰেছে এই নিৰ্বাচনত প্রার্থিত্ব আগবঢ়োৱা ...