August 28, 2024 9:53 AM

views 33

ৰাজ্যসভাৰ উপনির্বাচনত বিজেপিৰ ৯, এন ডি এ মিত্ৰজোঁটৰ ২, কংগ্ৰেছৰ এগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

ৰাজ্যসভাৰ উপনির্বাচনত বিজেপিৰ ৯গৰাকী এন ডি এ মিত্ৰজোঁটৰ দুগৰাকী আৰু কংগ্ৰেছৰ এগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বিজেপিৰ প্ৰাৰ্থীসকলৰ ভিতৰত অসমৰ মিছন ৰঞ্জন দাস আৰু ৰামেশ্বৰ তেলী, বিহাৰৰ পৰা মনন কুমাৰ মিশ্র, হাৰিয়ানাৰ পৰা কিৰণ চৌধুৰী, মধ্যপ্ৰদেশৰ পৰা জৰ্জ কুৰিয়ন, মহাৰাষ্ট্ৰৰ পৰা ধৈর্যশীল পাটিল, ওড়িশাৰ পৰা মমতা মহান্তা, ৰাজস্থানৰ পৰা ৰৱনিট সিং বিট্টু আৰু ত্ৰিপুৰাৰ ৰাজীৱ ভট্টাচার্য আছে। কংগ্ৰেছৰ অভিষেক মনু সিংভি তেলেংগানাৰ পৰা বিনা প্রতি...