December 16, 2025 8:20 PM

views 27

ৰাজ্যসভাত নির্বাচনী সংস্কাৰ সম্পৰ্কীয় আলোচনাৰ সামৰণি

ৰাজ্যসভাত নির্বাচনী সংস্কাৰ সম্পৰ্কীয় আলোচনাৰ আজি সামৰণি পৰে। আলোচনাত অংশগ্রহণ কৰি এন চি পিৰ প্ৰফুল পেটেলে কয়, যে ই ভি এম নির্বাচনত পূৰ্বতেও ব্যৱহাৰ হৈছিল আৰু ই ভি এমৰ সৈতে জালিয়াতি কৰাৰ কোনো প্রমাণ নাই। তেওঁ কয়, যে নির্বাচন আয়োগে ই ভি এমত কেনেকৈ জালিয়াতি কৰিব পাৰি তাক প্রমাণ কৰিবলৈ মুকলিভাৱে প্রত্যাহ্বান জনাইছিল যদিও কোনো আগবাঢ়ি অহা নাই। ভোটদানৰ অধিকাৰ জনসাধাৰণ, দেশ আৰু গণতন্ত্ৰৰ শক্তি বুলি তেওঁ মন্তব্য কৰে। তৃণমূল কংগ্ৰেছৰ ডেবিক অব্রায়েনে কয়, যে গৃহ মন্ত্ৰীয়ে ইংৰাজী বর্ণমালাৰ ডি আখৰেৰে যোৱা তি...