November 3, 2025 12:59 PM

views 52

ৰাজস্থানৰ পথ দুর্ঘটনাত নিহত সকলৰ প্ৰতি প্রধানমন্ত্রীৰ শোকপ্ৰকাশ

 ৰাজস্থানৰ ফালোড়ী জিলাৰ মাথুডা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত কালি সংঘটিত এটা পথ দুর্ঘটনাত কমেও ১৫ লোকৰ মৃত্যু হয়। যোধপুৰৰ পৰা তীর্থযাত্রী কঢ়িয়াই অনা এখন বাছে মাথুডাৰ সমীপত এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলতে এই দুর্ঘটনা সংঘটিত হয়। দুর্ঘটনাত বহুকেইজন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি ভালেসংখ্যক লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক নিকৱৰ্তী চিকিৎসালয়ত ভর্তি কৰোৱা হয়। ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শর্মাই এই দুর্ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ সুচিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিছে। প্র...

August 19, 2025 8:32 PM

views 52

১,৫০৭ কোটি টকা ব্যয়েৰে ৰাজস্থানৰ কোটা-বুন্দিত গ্ৰীণ ফিল্ড বিমান বন্দৰ বিকশাই তোলাৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আনুমানিক এহেজাৰ ৫০৭ কোটি টকা ব্যয়েৰে ৰাজস্থানৰ কোটা-বুন্দিত গ্ৰীণ ফিল্ড বিমান বন্দৰ বিকশাই তোলাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ অধীনত ২০ হাজাৰ বৰ্গমিটাৰ এলেকাত ব্যস্ততাপূর্ণ সময়ত এহেজাৰ ৫০৭ গৰাকী যাত্ৰীৰ আহ-যাহৰ সুবিধাযুক্ত আগমণ-প্রস্থান ভৱনো নিৰ্মাণ কৰা হ'ব। কোটা ৰাজস্থানৰ ঔদ্যোগিক ৰাজধানীৰূপে পৰিচিত আৰু দেশৰ শৈক্ষিক প্রশিক্ষণ কেন্দ্ৰৰূপেও কোটাৰ সুকীয়া পৰিচয় আছে। নতুন দিল্লীত আজি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ক...

December 21, 2024 6:39 PM

views 48

ৰাজস্থানৰ জয়পুৰ-আজমেত হোৱা অগ্নিকাণ্ডত নিহত লোকৰ সংখ্যা ১৪লৈ বৃদ্ধি

ৰাজস্থানৰ জয়পুৰ-আজমেৰ ৰাষ্ট্ৰীয় ঘাইপথত গেছ পৰিবাহী টেংকাৰত হোৱা অগ্নিকাণ্ডত নিহত লোকৰ সংখ্যা ১৪লৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত আঘাতপ্রাপ্ত ২৭ জন লোকৰ চিকিৎসা জয়পুৰৰ এছ এম এছ চিকিৎসালয়ত চলি আছে। আহত লোকসকলৰ মাজৰ কেইবাগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। চিকিৎ‍সালয়খনৰ অধীক্ষক ডº সুশীল ভাটিয়ে জনোৱা মতে ইয়াৰে ছজন লোকক ভেণ্টিলেটৰত ৰখা হৈছে। জয়পুৰৰ জিলা সংগ্ৰাহক জিতেন্দ্ৰ কুমাৰ ছ'নিয়ে এই ঘটনাৰ তদন্তৰ বাবে এখন ফুটিয়া তদন্তকাৰী সমিতি গঠন কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সমিতিখনে ঘটনাৰ সবিশ...

September 9, 2024 5:41 PM

views 58

আজিৰে পৰা ৰাজস্থানত ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ সংযুক্ত অনুশীলন আৰম্ভ

ৰাজস্থানৰ বিকানীৰৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ সংযুক্ত অনুশীলন আজি পুৱাৰে পৰা আৰম্ভ হৈছে। অনুশীলনৰ পূৰ্বে পেৰেড সমাৰোহ অনুষ্ঠিত কৰা হয়। এই যুদ্ধ অনুশীলনত ভাৰতীয় সেনাবাহিনীৰ দক্ষিণ পশ্চিম কামাণ্ডৰ সেনা আৰু আমেৰিকাৰ মুঠ এহেজাৰ ২০০ গৰাকী সেনাই অংশগ্ৰহণ কৰিছে। দুয়োখন দেশৰ সেনাই ১৫ দিন ধৰি যুদ্ধৰ বিভিন্ন ৰণনীতিৰ অনুশীলন কৰিব।

April 1, 2024 10:59 AM

views 25

দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৃহমন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৈছে। কালি শ্ৰীশ্বাহে ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি জয়পুৰত এখন সাংগঠনিক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত তেওঁ ডাউচা, কাৰাউলি-ধোলপুৰ, নাগৌৰ, চুৰু আৰু ঝুনঝুনু এই পাঁচটা লোকসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰস্তুতি সম্পর্কে বুজ লয়। বৈঠকত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশী, প্রাক্তন বিৰোধী নেতা ৰাজেন্দ্ৰ ৰাথোড় আৰু অন্যান্য নেতাসকল উপস্থিত থা...