October 20, 2024 6:47 PM

views 97

ৰাজস্থানৰ খোলপুৰত সংঘটিত পথ দুৰ্ঘটনাত কমেও ১২ জন লোকৰ প্রাণহানি

ৰাজস্থানৰ খোলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা হোৱা এটা পথ দুৰ্ঘটনাত কমেও ১২ জন লোকে প্রাণ হেৰুৱায়। বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহা অৱস্থাত এখন শিপাৰ বাছ আৰু এখন অটোৰিক্সাৰ মাজত হোৱা সংঘৰ্ষৰ বাবে এই অঘটনটো ঘটে। নিহত সকলৰ ভিতৰত অধিকাংশ শিশু আৰু মহিলা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত অটোৰিক্সাখন খণ্ড বিখণ্ড হৈ যায়। বাছখনৰ চালক আৰু পৰিচালকজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। তেওঁলোকক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।