August 29, 2025 2:31 PM

views 28

অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই উদ্বোধনী অনুষ্ঠান ৰাজ্যখনৰ বাবে শ্রীগণেশৰ আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে। ভৱিষ্যতৰ অসমৰ সৈতে সংগতি ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে বুলি মত প্ৰকাশ কৰি তেওঁ এই কামৰ বাবে ৰাজ্য চৰকাৰক ভূয়সী প্ৰশংসা কৰে। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে ৪১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনটো ৯ হাজাৰ ৬১৩ বৰ্গফুট পৰিসৰৰ। নতুন ৰাজভৱনটোত ৰাজ্যপালৰ কাৰ্যাল...