May 20, 2024 12:33 PM

views 56

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱানিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত বিস্তৰ ক্ষতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱানিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজহুৱা সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্রকাণ্ড গছ বাগৰি পৰাত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নলবাৰীৰ বাঁহজানীৰ দৌকুছিত কালি নিশাৰ ভাগত অহা ধুমুহাৰ ফলত গছৰ ডাল ভাঙি বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। আনহাতে, পশ্চিম নলবাৰীৰ কেইবাঠাইতো গছ উভালি পৰাৰ ফলত স্কুল বাছ, ব্যক্তিগত বাহন আদি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ...