December 15, 2024 8:06 PM

views 35

নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনৰ পাৰ্চেল ভানত ৰে’ল আৰক্ষীৰ তালাচীত গাঞ্জা জব্দ

ৰে'ল আৰক্ষীৰ এটা দলে আজি নিউ বঙাইগাঁও ৰে'ল ষ্টেচনত উপস্থিত হোৱা নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনৰ পাৰ্চেল ভানত তালাচী চলাই ৭৬৫ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। এই নিচাজাতীয় দ্ৰৱ্য ত্ৰিপুৰাৰ আগৰতলা ষ্টেচনৰ পৰা বিহাৰলৈ লৈ যোৱাৰ কথা আছিল। কিন্তু ৰে'ল আৰক্ষীয়ে তালাচী চলাই গাঞ্জাখিনি জব্দ কৰি বঙাইগাঁও ৰে'ল ষ্টেচনৰ ৰে'ল আৰক্ষীৰ জিম্মাত দিয়ে। এই অবৈধ সামগ্ৰীবিধৰ পৰিবহনৰ সৈতে জড়িত ব্যক্তি নাইবা ইয়াৰ গৰাকী এতিয়ালৈকে চিনাক্ত কৰি কৰায়ত্ত কৰিব পৰা নাই যদিও এই সন্দৰ্ভত তদন্ত চলাই আছে বুলি ৰে'ল ...