June 6, 2025 1:04 PM

views 40

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলা জনশতাব্দী এক্সপ্ৰেছখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে’ল যাত্রী সন্থাৰ আহ্বান

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰে'ল যাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা দ্বিসাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰে'লগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে'ল যাত্রী সন্থাই আহ্বান জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য যাত্ৰী পৰিবহন প্ৰবন্ধকলৈ লিখা এখন পত্ৰত ৰে'ল যাত্রী সংগঠনটোৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এই জনশতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ বাবে ৰে'ল কৰ্তৃপক্ষৰ শলাগ লয়। সংগঠনটোৱে ৰে'ল গাড়ীখনৰ যথাযোগ্য ব্যৱহাৰৰ বাবে ইয়াক দৈনিক নহ'লেও অন্ততঃ সপ্তাহত ছদিনকৈ চলাচল কৰালে সম...

November 4, 2024 6:35 PM

views 48

ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে'ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খন উৎসৱ বিশেষ ৰে'ল দিল্লী এন চি আৰৰ পৰা বিভিন্ন প্ৰান্তলৈ চলোৱা হৈছে। ইয়াৰ ভিতৰত ছাহৰছা, বাৰানসী, আয়োধ্যা, লক্ষ্ণৌ, পাটনা, মুজাফৰপুৰ, গোড়খপুৰ, প্ৰয়াগৰাজ, দ্বাৰভাংগা, ইন্দোৰ আৰু থিৰুৱানন্তপুৰমলৈ বিশেষ ৰে'লগাড়ী চলোৱাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত উত্তৰ ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু ...

November 1, 2024 5:31 PM

views 31

ৰে’লৰ টিকটৰ আগতীয়া সংৰক্ষণত ৰে’ল বিভাগৰ নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী

ৰে’লগাড়ীৰ টিকটৰ আগতীয়া সংৰক্ষণৰ ক্ষেত্ৰত ৰে’ল বিভাগে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী হৈছে। এই নতুন ব্যৱস্থা অনুসৰি আগতীয়া আসন সংৰক্ষণৰ সময়সীমা পূৰ্বৰ ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিনলৈ হ্ৰাস কৰা হৈছে। অৱশ্যে যাত্রীসকলে যোৱা ৩১ অক্টোবৰ অৰ্থাৎ কালিলৈকে কৰা সংৰক্ষণৰ ক্ষেত্ৰত কোনোধৰণৰ পৰিৱৰ্তন নহয়। ৰে'ল মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আসন সংৰক্ষণৰ সময়সীমা ৬০ দিনলৈ হ্ৰাস কৰাৰ ফলস্বৰূপে টিকটৰ চোৰাং মজুতকৰণৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে প্রকৃত যাত্রীসকলে সুবিধা লাভ কৰাটো নিশ্চিত হ'ব। মন্ত্ৰ্যালয়ে ল...

September 28, 2024 6:03 PM

views 60

পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’ল বিভাগৰ

ভাৰতীয় ৰে'ল বিভাগে দুৰ্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে ৰে'ল বিভাগে বর্ধিত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ সময়ছোৱাত বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰি আহিছে। যোৱা বছৰৰ তুলনাত এইবছৰ বিশেষ ৰে'লৰ সংখ্যা বৃদ্ধি হৈছে। যোৱা বছৰ এই সময়ছোৱাত ৪ হাজাৰ ৪২৯খন বিশেষ ৰে'ল চলাচল কৰোৱা হৈছিল। বিশেষ ৰে'লৰ উপৰি ১০৮খন ৰে'লৰ সেৱাত অতিৰিক্ত সাধাৰণ দবা সংযোজন কৰা হৈছে।

September 13, 2024 12:47 PM

views 38

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে বিশেষ ৰে’লৰ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ১২ খন বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে। এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই এই বিশেষ ৰে'লৰ ব্যৱস্থা কৰাৰ উপৰি কেইখনমান ৰে'লৰ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰিছে।