October 10, 2024 8:39 PM

views 80

টেনিছ খেলুৱৈ ৰাফেল নাডালে পেছাদাৰী টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা

২২টাকৈ গ্রেণ্ডশ্লেম ছিংগলছ খিতাপ দখল কৰা স্পেইনৰ আগশাৰীৰ টেনিছ খেলুৱৈ ৰাফেল নাডালে পেছাদাৰী টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ সামাজিক মাধ্যমৰ এটা ভিডিঅ' যোগে অৱসৰৰ কথা প্ৰকাশ কৰিছে। তেওঁ লগতে খেলুৱৈ জীৱনৰ বিভিন্ন স্তৰত আগবঢ়োৱা সমর্থনৰ বাবে কৃতজ্ঞতা প্রকাশ কৰিছে। নাডালে নৱেম্বৰত মালাগাত হ'বলগীয়া ডেভিছ কাপ ফাইনেলছেৰে খেলুৱৈ জীৱনৰ সামৰণি মাৰিব। নাডালে খেলুৱৈ জীৱনত ৩৬টা মাষ্টাৰ্ছ খিতাপ আৰু এটা অলিম্পিক স্বর্ণপদক সহ মুঠ ৯২ টা এ টি পি ছিংগলছৰ খিতাপ অৰ্জন কৰিছে।