May 23, 2024 6:55 PM

views 42

চাওঁতালী লেখক পণ্ডিত ৰঘুনাথ মুর্মুলৈ জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাওঁতালী লেখক পণ্ডিত ৰঘুনাথ মুর্মুৰ জন্মবার্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পণ্ডিত মুৰ্মুৱে ‘অল চিকি’ লিপিৰ জৰিয়তে চাওঁতালী ভাষাক নতুন পৰিচয় প্ৰদান কৰিছিল। ভাষাটোৰ প্ৰসাৰৰ বাবে তেওঁ আগবঢ়াই থৈ যোৱা বৰঙনিয়ে চাওঁতালী লোকসকলক তেওঁলোকৰ সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে সচেতন হ'ব পৰাকৈ অধিক উদ্বুদ্ধ কৰিছিল বুলিও শ্রীমতী মুৰ্মুৱে লগতে মত প্ৰকাশ কৰে।