November 6, 2025 11:10 AM

views 95

ৰাজ্যজুৰি পৱিত্ৰ ৰাস মহোৎসৱ উদযাপন

● ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পৱিত্ৰ পৰিবেশে বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিবেশনৰ লগতে মৃণ্ময় মূৰ্তিৰ জৰিয়তে আটকধুনীয়াকৈ উপস্থাপন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কালি কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন কৰে। ১৫ দিনীয়া কাৰ্যসূচীৰে ৭৯ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো পলাশবাৰী ৰাস মহোৎসৱত শিশু কৃষ্ণ প্রতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীতৰ লগতে দক্ষিণ কামৰূপীয়া লোকগী...

November 4, 2025 10:55 AM

views 107

● আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আজি আৰম্ভ হ'ব। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, নগাঁও, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী, কলা- কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। মাজুলীৰ ৬৭ খন ৰাস মহোৎসৱৰ কেইবাখনো আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰত ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি...

November 12, 2024 1:03 PM

views 59

ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহত ব্যাপক উৎসাহ উদ্দীপনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলি আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহতো উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে গড়মুৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী আদি সত্ৰত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা ৰাস উৎসৱ মাজুলীৰ অন্যতম উৎসৱ আৰু দেশ বিদেশৰ পৰ্যটকসকলকো এই উৎসৱৰ বাৰেৰহনীয়া পৰম্পৰাই আকৰ্ষিত কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস সমিতিসমূহৰ উদ্যোগত ...