August 22, 2024 5:48 PM

views 48

সন্ত্রাসবাদে কেৱল শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰতে নহয়, বিকাশৰ ক্ষেত্ৰতো ই বিশ্বজনীন বিপদ মাতি আনে বুলি আৰ ৰবিন্দ্ৰৰ মন্তব্য

ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সম্প্ৰসাৰণ আৰু পৰিষদত আফ্ৰিকাক উচিত স্থান দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰাসকলৰ নিন্দা কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ অভিযানৰ প্ৰভাৰী ৰাষ্ট্রদূত আৰ ৰবিন্দ্ৰই কৈছে যে স্থায়ী সদস্যৰ শ্ৰেণীত আফ্ৰিকাৰ প্ৰতিনিধিত্ব সন্দৰ্ভত অস্বীকাৰ কৰি অহাটো পৰিষদৰ সামূহিক বিশ্বাসযোগ্যতাৰ ক্ষেত্ৰত এটা মচিব নোৱাৰা চেকা। শ্ৰী ৰবিন্দ্ৰই নিৰাপত্তা পৰিষদৰ শান্তি বৰ্তাই ৰখা সন্দৰ্ভত আয়োজিত এখন উচ্চস্তৰীয় মুকলি আলোচনাত এনেদৰে উল্লেখ কৰে। শ্ৰী ৰবিন্দ্ৰই সজোৰে কয় যে ভ...