January 18, 2025 8:28 PM

views 38

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ গোচৰত সঞ্জয় ৰায়ক দোষী সাব্যস্ত

পশ্চিম বংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ গোচৰত ৰাজ্যখনৰ শিয়ালদহ আদালতে সঞ্জয় ৰায় নামৰ অভিযুক্তজনক দোষী সাব্যস্ত কৰিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ২০ জানুৱাৰীত গ্ৰহণ কৰা হ'ব। সেইদিনা আদালতে শাস্তিৰ পৰিমাণ সন্দৰ্ভত ঘোষণা কৰাৰ সম্ভাৱনা আছে। অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে দাখিল কৰা তথ্য প্রমাণে এই ঘটনাত সঞ্জয় ৰায়ক দোষী বুলি প্ৰমাণ কৰাৰ কথা ন্যায়িক দণ্ডাধীশগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে,বিগত বৰ্ষৰ ৯ আগষ্টত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এটা বক্তৃতাকক্ষৰ পৰা স্নাতকোত্...