September 13, 2026 12:06 PM
4
ৰাজ্যত বিলুপ্ত প্রায় নলগাহৰিৰ সংখ্যা ১৯৪ লৈ বৃদ্ধি
ৰাজ্যত বিলুপ্ত প্রায় নলগাহৰিৰ সংখ্যা ১৯৪ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। তেওঁ ইয়াক দশকজোৰা নিষ্ঠাপূর্ণ প্রয়াস, সংৰক্ষণ আৰু ধৈয্যৰ সফল গাঁথা বুলি অভিহিত কৰিছে। তেওঁ কয়, যে ৰাজ্যত নলগাহৰিৰ বৰ্ধিত সংখ্যাৰ পৰা বণ্য প্রাণী সংৰক্ষণৰ বাবে চৰকাৰে চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰভাব পৰিস্কৃত হৈছে। এসময়ত অস্তিত্বৰ বাবে প্ৰবল ভাবুকিৰ সন্মুখীন হোৱা বণ্য প্রাণীবিধ এনে প্ৰচেষ্টাৰ পৰা লাভান্বিত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে।