March 22, 2025 12:57 PM

views 30

বিশ্ব পুতলা নাচ দিৱস উপলক্ষে কামৰূপ জিলাৰ পছৰীয়াত বিশেষ কার্যসূচী অনুষ্ঠিত

কামৰূপ জিলাৰ পছৰীয়াত সম্ভৱী অসম নামৰ সংস্থাটোৰ উদ্যোগত আৰু পছৰীয়া কুশল কোঁৱৰ হাইস্কুলৰ সহযোগত অঞ্চলটোৰ ৰাম সৰস্বতী প্ৰেক্ষাগৃহত কালি বিশ্ব পুতলা নাচ দিৱস উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত পুতলা নাচৰ জৰিয়তে ওজাপালি, ঢুলীয়া নাচ, নাগাৰা নাম আদি পৰিবেশন কৰাৰ উপৰি পূজাৰীসকলৰ গীত-মাতো পৰিবেশন কৰা হয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, সাংবাদিক পৰেশ বৈশ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে।