June 24, 2024 12:27 PM

views 32

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীক ড০ শ্যামাপ্রসাদ মুখার্জী বঁটা প্ৰদান

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীক ৰাজ্যখনত সম-নাগৰিক সংহিতা ৰূপায়ণ কৰাৰ বাবে সন্মানীয় ড০ শ্যামাপ্রসাদ মুখার্জী বঁটা প্ৰদান কৰা হয়। মুম্বাইত কালি আয়োজিত এটা অনুষ্ঠানত দ্বীপকমল ফাউণ্ডেচনে প্রয়াত ৰাজনীতিবিদ তথা বেৰিষ্টাৰ ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ সপোন বাস্তবায়িত কৰি দেশৰ ভিতৰতে প্ৰথম সম-নাগৰিক সংহিতা ৰূপায়ণ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰে। শ্ৰীধামীয়ে ইয়াৰ পূৰ্বে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰে।