April 29, 2025 11:51 AM

views 20

পঞ্জাবত এণ্টি ড্রোন ব্যৱস্থাৰ পৰীক্ষণ সম্পূৰ্ণ; ভাৰত-পাক সীমান্তত শীঘ্ৰে আৰম্ভ হ’ব এণ্টি ড্ৰোন ব্যৱস্থা

পঞ্জাবত এণ্টি ড্রোন ব্যৱস্থাৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে আৰু ভাৰত-পাক সীমান্তত কিছু দিনৰ ভিতৰতে এই ব্যৱস্থা আৰম্ভ কৰা হ'ব। এই ব্যৱস্থাৰ ফলত ড্ৰোনৰ জৰিয়তে সীমাৰ সিপাৰৰ পৰা ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ সৰবৰাহৰ ওপৰত অধিক নজৰ দিব পৰা যাব। ভাৰত-পাক সীমান্তৱৰ্তী কেইখনমান গাঁৱত শেহতীয়াকৈ এই ব্যৱস্থাৰ পৰীক্ষণ কৰা হৈছিল। পঞ্জাবৰ টাৰ্ন তৰণ আৰু অমৃতসৰ জিলাত ড্রোনৰ সৰ্বাধিক অনুপ্ৰৱেশ দেখা যায় আৰু ড্ৰাগছ আৰু অস্ত্ৰ জব্দ কৰা হয়। এই ব্যৱস্থাই ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিকোনো উৰণীয়া মেচিন ধৰা ...