December 28, 2024 11:05 AM

views 29

পাঞ্জাৱৰ ভাটিণ্ডাত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত নিহত লোকক ২ লাখ টকাকৈ এককালীন সাহায্য

পাঞ্জাৱৰ ভাটিণ্ডাত কালি সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ আত্মীয়জনলৈ প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰি সামাজিক মাধ্যমযোগে এই বিষয়ে জানিবলৈ দিছে। দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ প্ৰতিগৰাকীলৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে।