October 20, 2024 11:10 AM

views 31

নতুন দিল্লীত কৰ্মযোগী ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ড০ আম্বেডকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত কৰ্মযোগী ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ মুকলি কৰে। এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে, কর্মযোগী অভিযানৰ জৰিয়তে দেশৰ উন্নয়নৰ বাবে চালিকাশক্তিস্বৰূপ মানৱ সম্পদ গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয় যে, ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ সময়ত লাভ কৰা নতুন শিক্ষা আৰু অভিজ্ঞতাই কার্যপ্ৰণালী উন্নত কৰাত সহায় কৰিব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হ'ব। বিগত ১০ বছৰত চৰকাৰৰ মানসিকতা সলনি ...