June 16, 2025 12:45 PM

views 40

এছিয়াৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি

শেহতীয়াকৈ ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ পিছত আজি এছিয়াৰ বজাৰত বিশ্বব্যাপী তেলৰ মূল্য বৃদ্ধি পায়। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা উত্তেজনাই মধ্যপ্রাচ্যৰ পৰা তেল ৰপ্তানিৰ ক্ষেত্ৰত ব্যাপকভাৱে ব্যাঘাত জন্মাব পৰা বৃহৎ আঞ্চলিক সংঘাতৰ বিষয়ত উদিগ্নতাৰ সৃষ্টি হৈছে। ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ২.৩ শতাংশ বৃদ্ধি পাই প্ৰতি বেৰেলত ৭৫ ডলাৰ আৰু ৯৩ চেণ্ট হয়।