August 9, 2026 7:46 PM
10
কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সন্দৰ্ভত মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক
কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এৰ সন্দৰ্ভত মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীযোশীয়ে কয় যে এই বৈঠকত প্রতিষ্ঠানিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে এটা ফলপ্ৰসু ব্যৱস্থা গঢ়ি তুলি শিক্ষাৰ প্ৰতি অধিক দায়বদ্ধতা নিশ্চিত কৰাৰ বাবে ব্যবস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰা হয়। তেওঁ কয় যে এটা দৃঢ়, স্বচ্ছ আৰু বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা গঢ়ি তুলি প্ৰতিগৰাকী শিক্ষাৰ্থীৰ আকাংক্ষা পূৰণ কৰাটোৱেই চৰকাৰৰ মূল লক্ষ্য।