August 23, 2024 7:30 PM

views 50

ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ মূল অনুষ্ঠান মুকলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে কৈছে যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰৱে অকল মহাকাশ ক্ষেত্ৰতে নহয় বৰং দেশৰ আৰ্থ-সামাজিক বিকাশতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। নতুন দিল্লীত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ কাৰ্যসূচী মুকলি কৰি শ্ৰীমতী মুৰ্মৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে মহাকাশ ক্ষেত্ৰৰ বিকাশৰ বাবে স্বাস্থ্য, পৰিবহণ, পৰিৱেশ, শক্তি, সুৰক্ষা, তথ্য-প্রযুক্তি আৰু আন ভালেমান খণ্ড উপকৃত হৈছে। মহাকাশ অন্বেষণে মানুহৰ সামৰ্থ বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই অন্বেষণে ...