November 16, 2024 11:15 AM

views 53

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিভিন্ন ঠাইত বিস্তৃত কাৰ্যাসূচীৰ আয়োজন

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট, তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়াত জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থা আৰু জার্নেলিষ্ট ইউনিয়ন অব্ আছামৰ তিনিচুকীয়া জিলা সমিতিয়ে প্ৰেছ দিৱসৰ আয়োজন কৰিছে। এই উপলক্ষে জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে দিনৰ ১১ বজাত সাংবাদিকৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত মূল আলোচনাচক্ৰ আৰু সম্বৰ্...

November 14, 2024 12:52 PM

views 64

সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ’ব

সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ'ব। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত এই উপলক্ষে সেইদিনা দিনৰ ১১.৩০ বজাত ‘গণ মাধ্যমৰ পৰিৱৰ্তিত প্ৰেক্ষাপটঃ স্বাধীনতা আৰু বিশ্বাসযোগ্যতা’ শীৰ্ষক এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই বক্তৃতা আগবঢ়াব বিশিষ্ট লেখক, সাংবাদিক অৰূপ কুমাৰ দত্তই।