May 4, 2025 11:13 AM

views 48

আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ সৈতে পাৰস্পৰিকভাবে লাভদায়ক আৰু স্থায়ী সহযোগিতাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ

আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ সৈতে পাৰস্পৰিকভাবে লাভদায়ক আৰু স্থায়ী সহযোগিতাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত আংগোলাৰ ৰাষ্ট্ৰপতি জ'আয়' লৰেংকোক সাক্ষাৎ কৰে আৰু তেওঁৰ সন্মানাৰ্থে নৈশ ভোজমেলৰ আয়োজন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে আংগোলাসহ আফ্রিকীয় দেশসমূহৰ সৈতে ভাৰতৰ বিশেষ বন্ধুত্ব আছে। তেওঁ লগতে আফ্ৰিকাত শান্তি, আৰু সুস্থিৰতাৰ প্ৰসাৰৰ ক্ষেত্ৰত আংগোলাই পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লয়। শ্রীমতী মুৰ্মুৱে কয...