November 9, 2025 11:32 AM

views 89

আফ্রিকা মহাদেশৰ দুখন ৰাষ্ট্ৰ ভ্ৰমণৰ উদ্দেশ্যে ৰাওনা হোৱা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলাত উপস্থিত

আফ্রিকা মহাদেশৰ দুখন ৰাষ্ট্ৰ ভ্ৰমণৰ উদ্দেশ্যে ৰাওনা হোৱা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু কালি এংগোলাত উপস্থিত হয়। শ্রীমতী মুৰ্মৱে যাত্ৰা কৰা বিমানখন যোৱা নিশা এংগোলাৰ ৰাজধানী লোৱান্দাত অৱতৰন কৰে। এয়া হৈছে এংগোলালৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো আনুষ্ঠানিক ভ্রমণ। এংগোলাৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৪০ বছৰ পূৰ্তি উদযাপন কৰাৰ অর্থে ৰাষ্ট্ৰপতি শ্রীমতী মুর্মু দেশখনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ এই সময়ছোৱাতে দুয়োখন দেশৰ মাজত দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক সম্পন্ন হ'ব। ইয়াৰ পূৰ্বে মে মাহত এংগোল...