May 28, 2025 12:19 PM

views 26

নতুন দিল্লীত যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক পদ্মভূষণ সন্মান প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান অনুষ্ঠানত ৬৯ গৰাকী ব্যক্তিক এই সন্মানেৰে বিভূষিত কৰে। অনুষ্ঠানত ৩ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ৯ গৰাকীক পদ্ম ভূষণ আৰু ৫৭ গৰাকীক পদ্মশ্ৰী সন্মানেবে বিভূষিত কৰা হয়। এই অনুষ্ঠানত অসমৰ যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয়। সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা শ্রীগোস্বামীক ২০০৮ চনত কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী...