January 20, 2026 8:28 PM

views 36

কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ চৰাইদেউ জিলা ভ্ৰমণ

কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি চৰাইদেউ জিলা ভ্ৰমণ কৰে। দিনজোৰা কাৰ্যসূচীৰে জিলাখনলৈ অহা মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণ কালত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বোত্তৰ সম্পৰ্ক সেতু কার্যসূচী সম্পর্কে পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লয়। বিয়লি মন্ত্ৰীগৰাকীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি ডিব্ৰুগড়লৈ ৰাওনা হয়।

September 27, 2024 7:53 PM

views 46

জনসাধাৰণৰ কল্যাণৰ বাবে আয়ুষ মন্ত্ৰ্যালয় দায়বদ্ধ : মন্ত্ৰী প্ৰতাপৰাও যাধৱ

আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাধৱে আজি কৈছে যে, জনসাধাৰণৰ কল্যাণৰ বাবে মন্ত্ৰ্যালয় দায়বদ্ধ। নতুন দিল্লীত আজি মন্ত্ৰালয়ৰ বিগত ১০০ দিনৰ সাফল্যৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, গোলকীয় স্বাস্থ্য ব্যৱস্থাক আয়ুষক অন্তৰ্ভুক্ত কৰাৰ বাবে বিশেষ চুক্তি সম্পন্ন কৰিছে। মন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বতে পৰম্পৰাগত আধুনিক চিকিৎসাৰ উপযোগী ঔষধীয় উদ্ভিদ তথা গছপুলিৰ বাবে ভিয়েটনামৰ সৈতে সম্পন্ন কৰা বুজাবুজিৰ চুক্তিৰ সন্দৰ্ভত সকলোকে অৱগত কৰাৰ লগতে আয়ুৰ্বেদৰ গৱেষণা, জ্ঞানৰ আদান-প্ৰদান আৰু আয়ুৰ্বেদ চিকিৎসা ব্যৱ...