June 19, 2024 12:46 PM

views 52

কালিৰে পৰা ডাকঘৰ আইন, ২০২৩ প্ৰযোজ্য

ডাকঘৰ আইন, ২০২৩ কালিৰে পৰা প্ৰযোজ্য হৈছে। এই আইনখনে ১৮৯৮ চনৰ ভাৰতীয় ডাকঘৰ আইনৰ ঠাই লৈছে। নতুন আইনখন অনুসৰি চৰকাৰে দেশৰ সুৰক্ষা আৰু ৰাজহুৱা শৃংখলাকে ধৰি কেতবোৰ বিশেষ কাৰণত ভাৰতীয় ডাক বিভাগৰ জৰিয়তে প্ৰেৰণ কৰা যিকোনো সামগ্ৰী গন্তব্যস্থান গৈ পোৱাৰ আগতে বাধা প্ৰদান কৰিব পাৰিব। জৰুৰীকালীন অৱস্থাত অথবা সুৰক্ষা তথা শান্তি-শৃংখলাৰ স্বাৰ্থত এনে কৰিব পৰা যাব। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ তথা উভয় চৰকাৰৰ দ্বাৰা নিয়োজিত যিকোনো বিষয়াই এনে কৰিব পাৰিব। নতুন আইনৰ অধীনত ডাক বিভাগৰ জৰিয়তে কোনো নিষিদ্ধ সামগ্...