November 7, 2026 12:56 PM

views 1

মাজুলীৰ এখন বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অপৰাধত এগৰাকী অপৰাধীক সশ্ৰম কাৰাদণ্ড

মাজুলীৰ এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অপৰাধত বিদ্যালয়খনৰ চকীদাৰ মাধৱ মিলিক কালি মাজুলী POCSO আদালতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। এই গোচৰটোৰ চূড়ান্ত ৰায়দান কৰি আদালতে অভিযুক্তক ১০ হাজাৰ টকাৰ জৰিমনাও বিহে। এই জৰিমণা নিদিলে অপৰাধীয়ে অতিৰিক্ত কাৰাবাস খাটিব লাগিব বুলিও ৰায়টোত উল্লেখ আছে। ইয়াৰ উপৰি ভুক্তভোগী ছাত্ৰীগৰাকীক জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা ৩ লাখ টকাৰ এককালীন আর্থিক ক্ষতিপূৰণ দিয়াৰো আদালতে নির্দেশ দিয়ে।