September 17, 2026 4:15 PM
3
প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ আজি ৪ বছৰ সম্পূৰ্ণ
প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিয়ে আজি ৪ বছৰ সম্পূৰ্ণ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৮ বিধ বছা বছা ব্যৱসায়ৰ সৈতে জড়িত কাৰিকৰ আৰু পৰম্পৰাগত কাৰুশিল্পীসকলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ২০২৩ চনৰ আজিৰ দিনটোতে এই আঁচনিখন শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্রধানমন্ত্রী বিশ্বকর্মা প্ৰমাণপত্ৰ আৰু পৰিচয় পত্ৰৰ মাধ্যমেৰে স্বীকৃতি, দক্ষতা বিকাশ, সঁজুলিৰ বাবে বিশেষ উদগনিমূলক ধনৰাশি, ঋণ সাহায্য, ডিজিটেল লেনদেনৰ বাবে উদানি আৰু বিপণন সাহায্যৰ সৰ্বাত্মক পেকেজ প্রদান কৰা হয়।