June 4, 2026 7:48 PM
5
প্রধানমন্ত্রী সূর্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্রেষ্ঠত্ব অর্জন
প্রধানমন্ত্রী সূর্যঘৰ উৎকৰ্ষ বঁটাত অসমে শ্রেষ্ঠত্ব অর্জন কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে। এই সম্মানে ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ড০ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশৰ গতি অধিক তৃৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তিৰ উৎস গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্রাহক-ভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্রধানমন্ত্রী সূর্যঘৰ আঁচ...