July 7, 2024 11:09 AM

views 43

সোমবাৰৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদী ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মস্কোলৈ যাব। নেতা দুয়োগৰাকীয়ে দুয়োখন দেশৰ মাজৰ বহুপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থজড়িত সাম্প্রতিক আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ লৈ মত বিনিময় কৰিব। এই ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত প্ৰতিৰক্ষা, বাণ...