September 18, 2026 8:02 PM
4
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভাৰ্চুৱেল ব্যৱস্থাৰে ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্র প্রদান কৰিব
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্র প্রদান কৰিব। দেশৰ ৪৫ টা স্থানত বিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। নব নিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ, ৰে'ল বিভাগ, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত সেৱা, প্ৰতিৰক্ষাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্রালয় আৰু বিভাগত যোগদান কৰিব।