September 18, 2026 8:02 PM

views 10

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভাৰ্চুৱেল ব্যৱস্থাৰে ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্র প্রদান কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্র প্রদান কৰিব। দেশৰ ৪৫ টা স্থানত বিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। নব নিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ, ৰে'ল বিভাগ, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত সেৱা, প্ৰতিৰক্ষাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্রালয় আৰু বিভাগত যোগদান কৰিব।

January 24, 2026 12:07 PM

views 56

অষ্টাদশ ৰোজগাৰ মেলাত ৬১ হাজাৰতকৈও অধিক যুৱক যুৱতীক প্রধানমন্ত্রীৰ নিযুক্তি পত্ৰ বিতৰণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সি ব্যৱস্থাৰে অষ্টাদশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নতুনকৈ নিযুক্তি লাভ কৰা ৬১ হাজাৰতকৈও অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তেওঁ এখন জনসভাকো ভাষম দিয়ে। দেশৰ ৪৫টা স্থানত এই অষ্টাদশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্ৰ্যালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্তীয় সেৱা, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগত যুবক-যুবতীসকলে নিযুক্তি লাভ কৰিছে। উল্লেখযোগ্য যে, নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ৰোজ...

October 24, 2025 12:58 PM

views 75

প্রধানমন্ত্রীৰ ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায়ৰ অধীনত ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায়ৰ অধীনত আজি পুৱা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত অতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্ৰ সিং আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্রী অজয় তামতা উপস্থিত থাকে। তামিলনাডুত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড° এল মুৰুগাণে প্রার্থীসকলক নিযুক্তিপত্র প্রদান কৰে। একেদৰে আয়ুষ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন...

July 11, 2025 7:37 PM

views 64

ৰোজগাৰ মেলাৰ জৰিয়তে কাইলৈ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান

চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক কাইলৈ ৰোজগাৰ মেলাৰ জৰিয়তে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই উপলক্ষে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰ মাধ্যমেৰে আয়োজন কৰা এটা অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব । এই অনুষ্ঠানতে তেওঁ নৱনিযুক্ত প্ৰাৰ্থীসকলক উদ্দেশ্য কৰি ভাষণ দিব। উল্লেখযোগ্য যে নতুনকৈ নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক নিযুক্তিপত্ৰ বিতৰণৰ লক্ষ্যৰে কাইলৈ দেশৰ ৪৭ টা স্থানত ষোড়শ ৰোজগাৰ মেলাৰ আয়োজন...