September 21, 2024 9:14 PM

views 44

ৱাশ্বিংটনৰ ডেলাৱেৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাশ্বিংটনৰ ডেলাৱেৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। তিনিদিনীয়া ভ্রমণসূচীৰে আমেৰিকালৈ যোৱা শ্ৰী মোদীয়ে কেইবালানিও উচ্চস্তৰীয় বৈঠক আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আজি শেষ নিশা শ্ৰী মোদীয়ে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ ষষ্ঠ বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত আমেৰিকা, জাপান, ভাৰত আৰু অষ্ট্ৰেলিয়া আদি কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে জলবায়ু পৰিৱৰ্তন, জটিল প্রযুক্তি আদি সামৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। ত...