November 11, 2024 6:41 PM

views 33

বিশ্বৰ বহুসংখ্যক নেতাই নিজৰ দেশত কাম কৰাৰ বাবে ভাৰতৰ যুৱক-যুৱতীক বিচাৰেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ যুৱ শক্তিৰ সামৰ্থ্যৰ প্ৰতি আকৰ্ষিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্রকাশ কৰিছে। তেওঁ কয় যে বিশ্বৰ বহুসংখ্যক নেতাই আজি নিজৰ দেশত কাম কৰাৰ বাবে দক্ষ মানৱ সম্পদ, ভাৰতৰ যুৱক-যুৱতীসকলক বিচাৰে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে আজি পুৱা গুজৰাটৰ ৱাডটলত শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে এইদৰে কয় । তেওঁ কয় যে আমাৰ যুৱক-যুৱতীসকলৰ চাহিদা বিশ্বজুৰি আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যুৱচামে এখন বিকশিত ভাৰতৰ...