June 22, 2024 9:01 PM

views 27

ভাৰত আৰু বাংলাদেশৰ মাজত বিভিন্ন ক্ষেত্ৰৰ কেইবাখনো চুক্তিত স্বাক্ষৰ আৰু কেইবাখনো বুজাবুজি চুক্তি নৱীকৰণ

ভাৰত আৰু বাংলাদেশে আজি বিভিন্ন ক্ষেত্ৰৰ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰাৰ লগতে কেইবাখনো বুজাবুজি চুক্তি নৱীকৰণ কৰিছে। এই চুক্তিসমূহৰ ভিতৰত ডিজিটেল আৰু সেউজ অংশীদাৰিত্ব, সামুদ্রিক সহযোগিতা, সামুদ্রিক অর্থনীতি, স্বাস্থ্য আৰু চিকিৎসা, মহাকাশ সহযোগিতা, ৰে'ল যোগাযোগ, সামুদ্রিক বিজ্ঞান, দুর্যোগ ব্যৱস্থাপনা আৰু মীন পালন অন্যতম। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত বাংলাদেশৰ প্রধানমন্ত্ৰী শ্বেইখ হাছিনাৰ মাজত নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাৰ পাছত এই চুক্তিত স্বাক্ষৰ কৰা হয়।...