June 14, 2026 6:54 PM

views 28

যোৱা ১২ বছৰত আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে দুখীয়া আৰু অভাবী লোকসকলে গুণগত স্বাস্থ্য সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রকাশ

ভাৰতে যোৱা ১২ বছৰত গুণগত স্বাস্থ্য সেৱা অধিক বহনক্ষম আৰু সুলভ কৰি তোলাৰ বাবে কাম কৰি আহিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। শ্রী মোদীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে দুখীয়া আৰু অভাবী লোকসকলে গুণগত স্বাস্থ্য সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে আৰু জনঔষধী কেন্দ্ৰৰ মাধ্যমেৰে বহনক্ষম ঔষধ উপলব্ধ কৰোৱা হৈছে। তেওঁ কয়, যে ষ্টেন্ত আৰু আঠু সংৰোপণৰ ব্যয় হ্রাস পোৱাৰ ফলত ৰোগীসকল উপকৃত হৈছে। চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ আসন বৃদ্ধি পোৱাৰ ফলত চিকিৎসক হো...