August 10, 2024 7:11 PM

views 21

কেৰালাৰ ৱায়নাডত ভূমিস্খলন প্রভাৱিত লোকসকলৰে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱায়নাড জিলাৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু ভূমিস্খলন প্রভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শন কালত প্রধানমন্ত্ৰীয়ে ভূমিস্খলৰ ঘটনাত পিতৃ-মাতৃক হেৰুওৱা দুগৰাকী বিদ্যাৰ্থী আৰু আত্মীয়স্বজনক হেৰুওৱা ১০ গৰাকী লোকক সান্তনা দিয়ে। তেওঁ লগতে মেপ্পাডিৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰি একাংশ চিকিৎসাধী লোকৰ সৈতে কথা পাতে ইয়াৰ পূৰ্বে প্রধামন্ত্ৰীয়ে ভূমিস্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত চুৰমালা আৰু মুণ্ডক্কই এলেকা ভ্ৰমণ কৰে। তেওঁ চুৰমালাত সেনাই নিৰ্মাণ কৰা বেইলী ...