May 22, 2024 6:54 PM

views 30

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কেইবাগৰাকীও ষ্টার্টআপ প্ৰতিষ্ঠাপকৰ উদ্যমী যাত্ৰাক প্ৰশংসা

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেইবাগৰাকীও ষ্টার্টআপ প্ৰতিষ্ঠাপকৰ উদ্যমী যাত্ৰাক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বার্তাত শ্রীমোদীয়ে সফল ষ্টার্টআপ প্ৰতিষ্ঠানৰ কেইগৰাকীমান সফল উদ্যমীৰ বিষয়ে ভিডিঅ’ প্ৰচাৰ কৰি কয় যে, কষ্ট কৰিলে সফলতাৰ শীৰ্ষত আৰোহন কৰিব পৰা যায়। শ্রীমোদীয়ে লগতে ষ্টার্টআপসমূহে বিকাশ লাভ কৰিবৰ বাবে সঠিক পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত চৰকাৰৰৰ দায়বদ্ধতাৰ কথাও উল্লেখ কৰে।