January 10, 2025 9:13 PM

views 39

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনত বিকশিত ভাৰতৰ বাবে সকলো সমস্যাৰ সমাধান হোৱাটো বিচাৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনত বিকশিত ভাৰতৰ বাবে সকলো সমস্যাৰ সমাধান হোৱাটো বিচাৰে। তেওঁ সকলো চৰকাৰী আঁচনি সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰকৃত ৰূপ বুলি অভিহিত কৰি আঁচনিসমূহৰ ১০০ শতাংশ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উদ্যোগী নিখিল কামাথৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে মানুহ হিচাপে তেখেতৰ ভুল হ'ব পাৰে, কিন্তু তেখেতে কেতিয়াও অসৎ উদ্দেশ্যৰে ভুল নকৰে। ৰাজনীতিত সফল হ'বলৈ হ'লে নিষ্ঠা আৰু দায়বদ্ধতা থাকিব লাগিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে...