March 9, 2025 11:19 AM

views 29

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ দুদিনীয়া মৰিছাচ ভ্রমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে মৰিছাচলৈ যাব। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিদেশ সচিব বিক্রম মিশ্রীয়ে কয়, যে এয়া হ'ব ২০১৫ চনৰ পাছত প্রধানমন্ত্রী মোদীৰ প্ৰথম মৰিছাচ ভ্ৰমণ। কেইবা শতিকাধৰি উমৈহতীয়া ইতিহাস, সংস্কৃতি আৰু জনসম্পৰ্কৰ ভিত্তিত মৰিছাচ সৈতে ভাৰতৰ ঘনিষ্ঠ সম্পর্ক আছে বুলি বিদেশ সচিবগৰাকীয়ে উল্লেখ কৰে। শ্ৰী মিশ্ৰীয়ে মৰিছাচক ভাৰত মহাসাগৰ অঞ্চলত ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী আৰু ঘনিষ্ঠ সামুদ্রিক প্রতিবেশী বুলি অভিহিত কৰে। তেওঁ কয়, যে প্রধানমন...