July 28, 2026 11:54 AM

views 25

স্কাইট এৰোস্পেছৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি স্কাইট এৰোস্পেছৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যৰ এটা বাৰ্তাত শ্রী মোদীয়ে বিক্রম-১ৰ সফলতাত আলোকপাত কৰাৰ লগতে অন্যান্য বিভিন্ন বিষয়ো আলোচনা কৰে। প্রধানমন্ত্রী মোদীয়ে তেওঁলোকৰ এই যাত্ৰা আৰু ভৱিষ্যৎ পৰিকল্পনা সমূহ শুনি সন্তোষ প্রকাশ কৰে। তেওঁ কয়, যে শক্তি, উচ্চাকাংক্ষা আৰু ইতিবাচক মনোভাৱে ভাৰতৰ ব্যক্তিগত মহাকাশ পৰিৱেশ তন্ত্রক শক্তিশালী কৰিব। প্রধানমন্ত্রী শ্রী মোদীয়ে স্কাইৰুট এৰো স্পেছৰ সমগ্ৰ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰে।